আমেৰিকাত কোৰোনাৰ ঔষধ প্ৰস্তুত হ’লে ভাৰতক গুৰুত্ব দিবনেঃ মাৰ্কিন ৰাষ্ট্ৰপতিক প্ৰশ্ন কংগ্ৰেছ নেতাৰ…



অনুৰোধ ৰক্ষা কৰি ভাৰতে আমেৰিকাক দিলে কেইবাকোটিৰ টকাৰ হাইড্ৰক্সিক্ল’ৰোকুইন ঔষধ। বিশ্বৰ এনে জটিল সন্ধিক্ষণত ভাৰতে আমেৰিকাক কৰা এই সহায়ক লৈ বহুকেইখন দেশে প্ৰশাংসা কৰিছে। ইয়াৰ মাজতে এই বিষয়ক লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰত এৰিছিল এটা টুইট। টুইচটোত লিখা হৈছিল- বন্ধুত্বৰ চিন কেৱল মুখেৰে বা প্ৰতিশোধ লোৱাই নহয়। এনে সন্ধিক্ষণত ভাৰতে পাৰ্যমানে সকলো দেশকে সহায় কৰাটো উচিত কিন্তু প্ৰাণৰক্ষা কৰা এনে ঔষধ পাব লাগে প্ৰথমে ভাৰতীয়ই।’
ৰাহুল গান্ধীৰ এই টুইটৰ উত্তৰ দি কংগ্ৰেছ নেতা তথা সাংসদ শশী থাৰুৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিক এক প্ৰশ্ন কৰিছে। তেঁও লিখিছে, যিধৰণে ভাৰতে নিস্বাৰ্থভাৱে আমেৰিকাক হাইড্ৰক্সিক্ল’ৰোকুইন যোগান ধৰিলে, তেনেধৰণে কোৰোনা ভাইৰাছৰ কোনো প্ৰতিষেধক আমেৰিকাই প্ৰস্তুত কৰিলে ভাৰতক একেদৰেই গুৰুত্ব দিবনে! উল্লেখ্য যে, হাইড্ৰক্সিক্ল’ৰোকুইন বিচাৰি টাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰীক নিজে ফোন কৰাৰ লগতে কেইবাবাৰো অনুৰোধ কৰি পত্ৰ প্ৰেৰণ কৰিছিল।

Post a Comment

0 Comments