ভাল খবৰ, সুস্থ হৈছে অসমৰ ৫ গৰাকী কোৰোনা ৰোগী, ফলাফল আহিছে নিগেটিভ…




  • বৃহস্পতিবাৰে কোৰোনা ভাইৰাছ ধৰা পৰা ব্যক্তিগৰাকীৰ নাম ৰহিউদ্দিন।
  • তেওঁৰ ঘৰ বিলাসীপাৰা থানা এলেকাত।
  • বৰপেটা মেডিকেল কলেজত তেওঁৰ কোৰোনাৰ পৰীক্ষা কৰা হৈছিল।
  • ৰহিউদ্দিন নামৰ ব্যক্তিগৰাকী এমএমচিএইচত আছে।
  • তাতে চিকিৎসা কৰি থকা হৈছে তেওঁক।
  • ব্যক্তিগৰাকীয়ে আঠগাঁও মছজিদত নিশা কটাইছিল।
  • তেওঁৰ সৈতে জামালুদ্দিন নামৰ দুই ব্যক্তিও আছিল।
  • তেওঁলোকে বৈঠকত ভাগ লৈছিল আঠগাঁও কৱৰস্থান মছজিদত।
  • ১২ মাৰ্চত হৈছিল এই বৈঠক।
  • ইয়াত প্ৰায় ১০০ গৰাকী লোকে ভাগ লৈছিল।
  • নিজামুদ্দিনৰ পৰা ঘূৰি অহাৰ লোকৰ লগতে একাংশ স্থানীয় লোকেও তাত ভাগ লৈছিল।
  • ইয়াৰে কৰিমগঞ্জ জিলাৰ জামালুদ্দিন, ধুবুৰী জিলাৰ জামালুদ্দিন হাজী আৰু ধুবুৰী জিলাৰ ৰহিউদ্দিনৰ দেহত কোৰোনা ভাইৰাছ ধৰা পৰিছিল।
  • আঠগাঁও কৱৰস্থান মছজিদ ১৪ দিনৰ বাবে ছীল কৰা হৈছে।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সংবাদমেলযোগে ঘোষণা কৰিছে।
  • লগতে তেওঁ কয় অসমৰ ৫ গৰাকী কোৰোনা পজিটিভ ৰোগী নিগেটিভ হৈছে।
  • মনীষ তিবৰেৱাল সুস্থ হৈ উঠিছে বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে।
  • তেওঁৰ শেষৰ কেবাটাও পৰীক্ষাত নিগেটিভ আহিছে।
  • ১৪ দিনৰ পিছতে তিবৰেৱালক মুকলি কৰি দিয়া হ’ব।
  • গোলাঘাটত থকা ৩ গৰাকী ৰোগী পজিটিভৰ পৰা নিগেটিভ হৈছে।
  • এমএমচিইচৰো এগৰাকী ৰোগী পজিটিভৰ পৰা নিগেটিভ হৈছে।
  • আটাইকেইগৰাকী লোকক ১৪ দিনৰ পিছতে যাবলৈ দিয়া হ’ব ঘৰলৈ।
  • তেওঁলোকৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হৈছে বুলিও কৈছে মন্ত্ৰীগৰাকীয়ে।

Post a Comment

0 Comments