১ মিনিটত ২৫ খবৰ…

১. KMSS নেতা অখিল গগৈৰ ওপৰত ভয়ংকৰ ষড়যন্ত্ৰ। চাবুৱা থানাৰ গোচৰতো NIA লোৱাৰ সম্ভাৱনা। UAP আইনৰ ধাৰাত গোচৰটোত সন্নিবিষ্ট হোৱাৰ লগে লগে এই সম্ভাৱনা।
২. মহাৰাষ্ট্ৰক এটা মছজিদত লুকাই থকা ৮ গৰাকী ম্যানমাৰৰ লোকক গ্ৰেপ্তাৰ। দিল্লীৰ নিজামুদ্দিনত অংশ লোৱা লোক আছিল আটাইকেইজন।
৩. পুনেত কোৰোনাত ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু আৰু তিনিজন লোকৰ। কোৰোনাত ভাইৰাছত আক্ৰান্ত হৈ পুনেত ১৬জনকৈ লোকৰ মৃত্যু হৈছে বৰ্তমানলৈকে।
৪. কৰ্ণাটকত আৰু ৬জন লোক আক্ৰান্ত হৈছে COVID-19ত। ৰাজ্যখনত ১৮১জনলৈ বৃদ্ধি হৈছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
৫. মহাৰাষ্ট্ৰত সকলো লোকে মাস্ক পৰিধান কৰিবই লাগিব। মহাৰাষ্ট্ৰ চৰকাৰে দিয়ে এই কঠোৰ নিৰ্দেশ।
৬. জম্মু-কাশ্মীৰত আৰু ১৪জন লোক আক্ৰান্ত কোৰোনাত। বৰ্তমানলৈ. ১৩০জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।
৭. দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে উপমুখ্যমন্ত্ৰী ছিছোদিয়াৰ সৈতে এক বৈঠকত অংশ লয়। কোৰোনা ভাইৰাছ সন্দৰ্ভত আলোচনা কৰে তেওঁলোকে।
৮. যদি মোক ভাল পাই তেন্তে আপোনালোকে দৰিদ্ৰ পৰিয়ালক সহায়-সহযোগিতা আগবঢ়াওক- এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
৯. উত্তৰপ্ৰদেশৰ মুখ্য সচিবে দিলে নিৰ্দেশ। তেওঁ কয় যে- ৰাজ্যত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক। যদি কোনো লোকে মাস্ক পৰিধান নকৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব।
১০. পশ্চিমবংগত আৰু দুজন লোক আক্ৰান্ত কোৰোনা ভাইৰাছত। ৰাজ্যখনত ৭১জনলৈ বৃদ্ধি COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা।
১১. ভাৰতত প্ৰতিদিনে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ১,২১,২৭১জন লোকৰ পৰীক্ষা কৰা হৈছে কোৰোনা ভাইৰাছক লৈ। ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিছাৰ্চে জনালে এই কথা।
১২. ২২ মে’ত মুক্তি পাব নতুন হিন্দী ছবি লক্ষ্মী বোম্ব। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।
১৩. কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগী সকলৰ চিকিৎসা কৰি থকা চিকিৎসকসকল একো একোজন যোদ্ধা। সেয়েহে তেওঁলোকক সকলোধৰণৰ সুবিধা চৰকাৰে উপলদ্ধ কৰাওক।’ বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে এই বিশেষ নিৰ্দেশনা।
১৪. ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট। ডিফুত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজনকৈ যুৱকক।
১৫. অনাহাৰে আছে নাজিৰাৰ হৰিজন কলনীৰ বাসিন্দা। এমুঠি অন্নৰ বাবে কৰিবলগা হৈছে হাহাকাৰ। তেওঁলোকৰ কাষত বুধবাৰে উপস্থিত হ’লগৈ নাজিৰাৰ মহকুমাধিপতি।
১৬. স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৃহস্পতিবাৰে যাব শ্ৰীৰামপুৰলৈ। শ্ৰীৰামপুৰত কোৱাৰেণ্টাইন কেন্দ্ৰত থকা একাংশক কাইলৈৰ পৰা মুক্তি দিয়াৰ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিবলৈয়ে যাব মন্ত্ৰীজন।
১৭. চাপৰৰ উলামাপাৰাৰ জামালুদ্দিন কাজি নামৰ লোকজন কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে তত্পৰ হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন। প্ৰশাসনে ছীল কৰি দিছে জামালুদ্দিনৰ উলামাপাৰাৰ বাসগৃহৰ পৰা তিনিকিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকা।
১৮. যোৰহাটত মহামাৰী কৰোনাক লৈ ভয়ংকৰ কাণ্ড। দেশজুৰি কৰোনাৰ সংহাৰৰ সময়তেই যোৰহাটত ভুৱা চিকিত্‍সক। আৰক্ষীৰ জালত ৩ ভুৱা চিকিত্‍সক।
১৯. চলিত বৰ্ষত অনুষ্ঠিত নহয় উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা। কোৰোনা মহামাৰীৰ বাবে এই সিদ্ধান্ত শিক্ষা সংসদৰ। প্ৰথম বৰ্ষৰ সকলো পৰীক্ষাৰ্থীকে উন্নীত কৰা হ’ব।
২০. বহিঃৰাজ্যত আবদ্ধ কাৰ্বি আংলঙৰ লোকৰ বাৱে বিশেষ সাহায্য। কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ বহিঃৰাজ্যত থকা লোকৰ বাবে ৯০লাখ টকাৰ সাহায্য ঘোষণা।
২১. ত্ৰিপুৰাৰ কোৰোনা আক্ৰান্ত গীতা কৰ্মকাৰ থকা গুৱাহাটীৰ হোটেল ছীল, প্ৰশাসনে ছীল কৰিছে পল্টনবজাৰৰ সুখমণি হোটেল।
২২. দিল্লীৰ ২০টা অঞ্চলক কৰণাৰ হটস্পট চিনাক্ত কৰা হৈছে, এই অঞ্চলৰ পৰা সকলো লোকৰ প্ৰৱেশ-প্ৰস্থান নিষিদ্ধ,সম্পূৰ্ণৰূপে ছীল দিল্লীৰ বেংগলী মাৰ্কেট অঞ্চল।
২৩. বুধবাৰে কৰিমগঞ্জ, হাইলাকান্দি, শিলচৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। কোৰোণা ভাইৰাছ সম্পৰ্কে ৰাইজক সজাগ হ’বলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।
২৪. উত্তৰ প্ৰদেশ, চণ্ডীগড়, মহাৰাষ্ট্ৰত মাস্ক পিন্ধাটো বাধ্যতামূলক, মাস্ক নিপিন্ধাকৈ বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক।
২৫. হনুমান জয়ন্তীৰ নামত লক ডাউন অৱমাননা, সামাজিক দূৰত্ব নামানি একগোট শ শ লোক। ফাঁচীবজাৰৰ ঘটনাৰে জড়িত ৪ জনক গ্ৰেপ্তাৰ।

Post a Comment

0 Comments