কোৰোনাৰ আতংক! প্লাষ্টিকৰ বেগত থুৱাই ঘৰৰ চৌহদত দলিয়ালে একাংশ মহিলাই…

কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত লকডাউন চলি থকা সময়তে ৰাজস্থানৰ কোটাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কোটাত একাংশ মহিলাই প্লাষ্টিকৰ বেগত থুৱাই বহু কেইটা ঘৰৰ চৌহদত দলিওৱা ফটো পোহৰলৈ আহিছে।
Image
কোটাৰ বল্লভৱাড়ী এলেকাত কেইটামান ঘৰৰ চৌহদত একাংশ মহিলাই এনেদৰে থুৱাই প্লাষ্টিকৰ বেগবোৰ দলিওৱা ঘটনা সংঘটিত হয়। এই ঘটনাৰ দৃশ্য বন্দী হোৱা চিচিটিভি কেমেৰা ফুটেজো লাভ কৰিছে আৰক্ষীয়ে। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই অঞ্চলবাসী শংকিত হৈ পৰিছে।
Image
ইফালে, এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই সক্ৰিয় হৈছে আৰক্ষী। গুমানপুৰাৰ এজন আৰক্ষী বিষয়াই এই সন্দৰ্ভত কয়- ‘এই এলেকাটো ছেনিটাইজ কৰোৱা হৈছে আৰু এই মহিলা কেইগৰাকীৰ অনুসন্ধান আৰক্ষীয়ে অব্যাহত ৰাখিছে।’ উল্লেখ্য যে ৰাজস্থানত বৰ্তমানলৈ কোৰোনা ভাইৰাছত ৮ শতাধিক লোক আক্ৰান্ত হোৱাৰ লগতে ১১জনকৈ লোকৰ মৃত্যু হৈছে এই ভাইৰাছৰ ফলত।

Post a Comment

0 Comments