চিকিৎসক, স্বাস্থ্যকৰ্মীসকলক প্ৰয়োজনীয় সকলো সা-সামগ্ৰী যোগান ধৰকঃ কেন্দ্ৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ…




কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগী সকলৰ চিকিৎসা কৰি থকা চিকিৎসকসকল একো একোজন যোদ্ধা। সেয়েহে তেওঁলোকক সকলোধৰণৰ সুবিধা চৰকাৰে উপলদ্ধ কৰাওক।’ বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে এই বিশেষ নিৰ্দেশনা।
দেশৰ এই জটিল সন্ধিক্ষণত নিজৰ জীৱনক বাজী লগাই কাম কৰি থকা সকলো চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক প্ৰয়োজনীয় পি পি ই কিট, উপযুক্ত মাস্কৰ লগতে প্ৰতিৰোধক সকলো সাজ-পাৰ আৰু সামগ্ৰী চৰকাৰক যোগান ধৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে।
উচ্চতম ন্যায়ালয়ে লগতে নিৰ্দেশ প্ৰদান কৰে যে, সকলো চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থাও চৰকাৰে গ্ৰহণ কৰক। লগতে পৰিয়ালৰ সদস্যকো সুৰক্ষা নিশ্চিত কৰিবলৈ ৰায় প্ৰদান কৰে ন্যায়ালয়ে। চিকিৎসকৰ কামত বাধা দিয়া যিকোনো লোকৰ বিষয়ে তৎকালীন ব্যৱস্থাগ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

Post a Comment

0 Comments