প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ-প্ৰফুল্ল মহন্তলৈ সৰ্বানন্দ সোণোৱালৰ ফোন, ক’লে…



কোৰোনা ভাইৰাছৰ সন্ত্ৰাস বৃদ্ধি পোৱাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ফোন কৰে ৰাজ্যৰ কেবাগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজনৈতিক নেতা আৰু জ্যেষ্ঠ নাগৰিকলৈ। সকলোকে ফোন কৰি খবৰ সোধে মুখ্যমন্ত্ৰীগৰাকীয়ে। সৰ্বানন্দ সোণোৱালে ফোন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰফুল্ল কুমাৰ মহন্ত, ভূমিধৰ বৰ্মণ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী, কবীন্দ্ৰ পুৰকায়স্থ, পৱন সিং ঘাটোৱাৰ, ৰাজেন গোহাঁই, এ আই ইউ ডি এফৰ নেতা হাফিজ বছিৰ আহমেদ, জ্যেষ্ঠ নাগৰিক হৰেকৃষ্ণ ভৰালী আৰু বিশিষ্ট মুক্তিযোদ্ধা কৃষ্ণ লহকৰলৈ।
ফোন কৰি সকলো লোকৰে সৈতে বহু গুৰু্ত্বপূৰ্ণ বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে অসম চৰকাৰে কোভিড-১৯ক ৰোধ কৰিবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিছে সেই কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে অৱগত কৰে। ইফালে এই সময়চোৱাত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী লোকৰ পৰা অনাগত দিনত সহায়-সহযোগিতা কামনা কৰে।

Post a Comment

0 Comments