ত্ৰিপুৰাৰ কোৰোনাত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শত থকা ৰে’ল যাত্ৰীৰ সন্ধান লাগে! ৰে’লৱেক আবেদন কাছাৰ জিলা স্বাস্থ্য বিভাগৰ

ত্ৰিপুৰাত ধৰা পৰা প্ৰথম গৰাকী কোৰোনা আক্ৰান্ত ৰোগী গীতা কৰ্মকাৰৰ সৈতে একেটা ৰে’লৰ ডবাত যোৱা বৰাকৰ কেইবাজনো যাত্ৰীৰ স্বাস্হ্য পৰীক্ষা কৰা হ’ব৷ ইতিমধ্যে এই ৰে’ল যাত্ৰী সকলৰ তথ্য বিচাৰি উঃ পূঃ সীমান্ত ৰে’লেৱেক আবেদন জনাইছে কাছাৰ জিলাৰ স্বাস্হ্য বিভাগে৷ শিলচৰত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে জিলা স্বাস্হ্য বিভাগৰ মিডিয়া জনসম্পৰ্কৰক্ষী বিষয়া সুমন চৌধুৰীয়ে৷ যিহেতু ত্ৰিপুৰাৰ কোৰোনা আক্ৰান্ত ৰোগী গৰাকী যোৱা ১৪ মাৰ্চত ত্ৰিপুৰাৰ পৰা গুৱাহাটী আৰু ১৮ মাৰ্চত গুৱাহাটীৰ পৰা ত্ৰিপুৰালৈ ৰে’লেৰে যাত্ৰা কৰিছিল, গতিকে ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ নিদিৰ্ষ্ট ডবাটোত কাছাৰসহ বৰাকৰ বহু যাত্ৰী যোৱাৰ তথ্য লাভ কৰিছে স্বাস্হ্য বিভাগে৷ এই আটাইকেইজন যাত্ৰীৰ বিশদ তথ্য বিচৰা হৈছে ৰে’ল বিভাগৰ পৰা।
ইফালে, কোৰোনাৰ সন্দেহত মঙলবাৰে কাছাৰ জিলাত ৩২ গৰাকী লোকক কোৱাৰেন্টাইত ৰখাৰ বিপৰীতে আজিলৈ মুঠ ৩৮৩৩ গৰাকী কোৱাৰেন্টাইত ৰখাৰ তথ্যও সদৰী কৰে স্বাস্হ্য বিভাগে৷ এছএমচি হাস্পাতলত চিকিৎসাধীন কোৰোনা আক্ৰান্ত ৰোগী জামাল উদ্দিন আৰু চজিবুৰ ৰৰমানৰ সৈতে সংস্পৰ্শ থকা লোকসকলক শিলচৰৰ এছ এম দেৱ চিভিল হাস্পাতাল আৰু জাপিৰবন্দস্হিত নেট্ৰিপৰ কোৱাৰেন্টাইনত ৰখা বুলি জানিবলৈ দিয়ে সুমন চৌধুৰীয়ে।
আনহাতে, কাছাৰ জিলাৰ কোৰোনা ৰোগী চজিবুৰ ৰহমানৰ পৰিয়ালৰ দুজন আৰু তেওঁৰ সংস্পৰ্শলৈ অহা আন দুজন লোকৰ শ্বোৱাপ পৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ ৰিপোৰ্ট নিগেটিভ পোৱা বুলি সদৰী কৰি সুমন চৌধুৰীয়ে লকতে কয় যে, চৰকাৰৰ চূড়ান্ত সময় সীমা পাৰ হোৱাৰ পিছতো নিজামুদ্দিন সম্পৰ্কীয় এজন লোকেও স্বাস্হ্য বিভাগৰ ওচৰত উপস্হিত হোৱা নাই। ইফালে, মঙলবাৰে এছএমচি হাস্পতালত কোৰোনাৰ সন্দেহত ১১ জন লোকৰ স্ক্ৰিনিং কৰাৰ বিপৰীতে হাস্পাতালখনত এতিয়ালৈ মুঠ ১০২১ গৰাকী লোকৰ স্ক্ৰিনিং কৰা হয়৷ বৰ্তমান এছএমচিএইচ কোভিড-১৯ হাস্পাতালত চিকিৎসাধীন ৬ গৰাকী ৰোগীৰ ভিতৰত দুজন কোৰোনা আক্ৰান্ত ৰোগী আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে এছএমচিএইচৰ উপাধ্যক্ষ ডাঃ ভাস্কৰ গুপ্তই।
ইফালে, এছএমচিএইচত চিকিৎসাধীন কোৰোনা ৰোগী সকলৰ লগতে চিকিৎসালয়খনৰ সামগ্ৰিক পৰিস্হিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে ডিএমই অনুপ বৰ্মন, জিএমচিএইচৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰসহ চাৰিজনীয়া উচ্চ পৰ্যায়ৰ দল এটাই পৰিদৰ্শন কৰা বুলিও সদৰী কৰে ডাঃ ভাষ্কৰ গুপ্তই।

Post a Comment

0 Comments