ৰাজপথলৈ ওলালেই হ’ব পাৰে গ্ৰেপ্তাৰ! গুৱাহাটীত তাৎক্ষণিকভাৱে বাতিল বাহন চলাচলত প্ৰশাসনে দিয়া অনুমতি …

কোৰোনা ভাইৰাছৰ সন্ত্ৰাস বৃদ্ধি পাইছে যদিও এতিয়াও সাৱধান হোৱা নাই একাংশ লোক। ইতিমধ্যে অসমত এজন লোকে প্ৰাণ হেৰুৱাৰ লগতে কোৰোনাত আক্ৰান্ত হৈছে ২৯ জন লোক। তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰোপ কৰা লকডাউন অমান্য কৰি ৰাজপথত যানবাহন চলাই অকাৰণতে ভিৰ কৰিছেহি বহুলোকে। এনেধৰণৰ কাৰণতে সমগ্ৰ অসমতে এতিয়ালৈকে আৰক্ষীয়ে জব্দ কৰিছে ৬,৯১৭ খন বাহন। ইয়াৰে ৬,৩৩৩ খন দুচকীয়া বাহন। আৰক্ষীয়ে জব্দ কৰা আন বাহনসমূহ হৈছে ৬৩ খন ৩ চকীয়া বাহন, ৫১৩ খন ৪ চকীয়া বাহন, ৫ খন ট্ৰাক, ২খন ট্ৰেক্টৰ আৰু এটা ট্ৰেইলাৰ।
বিভিন্ন নাগৰিকসকলে লকডাউন অমান্য কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে একাংশ বাহনক ইতিপূৰ্বে দিয়া অনুমতি বাতিল কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহন, স্বাস্থ্য সেৱা, সাহায্য অভিযান, আৰু সংবাদমাধ্যমৰ সৈতে জড়িত বাহনৰ লগতে লকডাউনৰ প্ৰতিবন্ধকতাৰ পৰা ৰেহাই পোৱা বিভাগ আৰু জিলা প্ৰশাসনৰ কৰ্তব্যৰত বাহনৰ বাদে ইতিমধ্যে অনুমতি প্ৰদান কৰা বাহনৰ অনুমতি বাতিল কৰাৰ কথা ঘোষণা কৰিছে কামূৰূপ মহানগৰ জিলা প্ৰশাসনে।
উল্লেখ্য যে, যদি কোনো লোকে এই আদেশ অমান্য কৰে তেতিয়া সংশ্লিষ্ট ব্যক্তিৰ বিৰুদ্ধে আইন মতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইফালে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰতিগৰাকী লোককে লকডাউন মানি চলি নিজৰ লগতে আনকো সুৰক্ষিত কৰাৰ বাবে আহ্বান জনাইছে। বিভিন্ন কাৰণত লকডাউন অমান্য কৰাৰ বাবে এতিয়ালৈকে ৰুজু কৰা হৈছে ৬২৮ টা গোচৰ। ২৫,৪৫,৮০০ টকা জৰিমণাও বিহা হৈছে। আৰক্ষীক বিভিন্ন কাৰণত দিয়া ৬০ খন এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৩৬ জনক। ইয়াৰে ৯ জনক জামিনত মুকলি কৰি দিয়া হৈছে।

Post a Comment

0 Comments