লকডাউনৰ সময়চোৱাত পূব লামডিঙৰ মুৰাবস্তিত চৰকাৰী অনুদান নোপোৱাত ক্ষোভিত গাঁৱৰ ৰাইজ



যি সময়ত দেশত লকডাউন চলিছে সেইসময়ত লামডিঙৰ একাংশ ৰাইজে এমুঠি চাউলৰ বাবে কৰিছে হাহাকাৰ৷ গ্ৰাম্যাঞ্চলৰ দিন হাজিৰা কৰি দুবেলা দুমুঠি পেটে ভাতে খায় জীয়াই থকা লোকসকলৰ জীৱনলৈ এতিয়া অমানিশা নামি অহাৰ দৰে অৱ্স্থা হৈছে৷ লামডিঙস্থিত পূব লামডিং গাওঁ পঞ্চায়়তৰ অন্তৰ্গত ৬নং ৱাৰ্ডৰ মুৰাবস্তিত বুধবাৰে একাংশ ৰাইজে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিলে৷ উল্লেখ্য যে, অসম চৰকাৰ স্বাস্থ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বি পি এল কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব ১০০০ টকাকৈ সাহাৰ্য্য৷ কিন্তু অভিযোগ অনুসৰি মুৰাবস্তিৰ ৬ নং ৱাৰ্ডৰ কোনো পৰিয়ালৰ নাম অন্তৰ্ভূক্ত নকৰিলে পঞ্চায়তৰ সদস্য-সভাপতিয়ে ৷


পূব লামডিং গাঁও পঞ্চায়তৰ সভাপতি গৰাকীয়ে এই ক্ষেত্ৰত চূড়ান্ত দূৰ্নীতি কৰিছে বুলিও অভিযোগ তুলিছে গাওঁবাসীয়ে৷ এই সময়তে পোহৰলৈ আহিছে আন এটা বিপৰীত ছবি৷ গাঁৱৰে এগৰাকী বৃদ্ধ মহিলা৷ বয়স ৯০ বছৰ।
পূৰ্বে সেইখন গাঁৱৰে জীয়াৰী আছিল দুৰ্গী থাপা নামৰ আইতা গৰাকী৷ কিন্তু চৰকাৰী অনুদান পোৱাটো দূৰৰে কথা তেওঁক আজি পৰ্যন্ত ঢুকি নাপালে চৰকাৰী আবাসগৃহ তথা আঁচনি ৷ ভোটাৰ তালিকাত নাম ঠিকেই অন্তৰ্ভূক্ত কৰিলে কিন্তু খবৰ লবলৈও আহৰি নাই চৰকাৰৰ সদস্যৰ৷
সলনি হৈ আহিছে চৰকাৰ কিন্তু সলনি নহ’ল এগৰাকী বৃদ্ধাৰ এই জুপুৰিটো৷ এটা ভঙা জুপুৰিতেই এখন বিচনাত আইতাই ৯০ বছৰ পাৰ কৰিলে৷ লকডাউনৰ সময়ছোৱাতো আইতাই লাভ নকৰিলে চৰকাৰৰ ১০০০ টকা অনুদান আৰু খাদ্য সামগ্ৰী।



Post a Comment

0 Comments