
ডিজিটেল সংবাদ, চেঙাঃ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰা লকডাউনৰ প্ৰতি এতিয়াও যেন একাংশ অসচেতন ব্যক্তি তথা অসাধু ব্যৱসায়ীয়ে ভেঙুচালি কৰা পৰিলক্ষিত হৈ আছে ।
বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰভিঠা চকত বুধবাৰে সন্ধিয়া ৬বজালৈ গেলামাল দোকান খোলা থকা অৱস্থাত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ এজন দোকানীক আটক কৰিবলৈ সক্ষম হয়।
তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে মালিপাৰা গাঁৱৰ প্ৰয়াত জুৰাণ খানৰ পুত্ৰ আৰাজ খানক বৰভিঠাৰ পৰা আটক কৰে। ধৃত আৰাজ খানৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ ৯১/২০২০ নম্বৰত এটি গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, লকডাউন চলি থকা সময়ত বৰপেটা জিলাত পুৱা ৮বজাৰ পৰা আবেলি ৪বজালৈ গেলামাল দোকান খোলা ৰাখিবলৈ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু উপায়ুক্তৰ নিৰ্দেশনাকো অংগুষ্ঠ প্ৰদান কৰি অসাধু ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় চলাই গৈছে।
0 Comments