বৰক্ষেত্ৰীৰ ৰামপুৰৰ সৰবৰহী ব্যক্তি ঘনকান্ত পাঠকৰ মৃত্যু…



লকডাউনৰ মাজতে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সৰবৰাহী ব্যক্তি ঘনকান্ত পাঠক(৭২)ৰ বুধবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।
দীৰ্ঘদিন ধৰি পাঠক বৃক্ক আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল । চেন্নাইৰ এপ’লো হাস্পতালত চিকিৎসা কৰাৰ পিছত কিছু সুস্থ হৈছিল যদিও যোৱা মাহত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে । লগে লগে পৰিয়ালৰ লোকে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে যদিও মাৰাত্মক ক’ৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীৰ বাবে জি এম চি এইচৰ পৰা দিশপুৰ পলিক্লিনিকলৈ স্থানান্তৰ কৰা হয় ।
বুধবাৰে পুৱা ৬-৩০ বজাত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় । বৰপেটা জিলাৰ চেঙাত জন্মলাভ কৰা প্ৰয়াত ঘনকান্ত পাঠকে পৰবৰ্ত্তী সময়ত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত স্থায়ীভাৱে থাকি বিভিন্ন ব্যৱসায়ত জৰিত হৈ পৰে । সমগ্ৰ অঞ্চলটোৰ সুপৰিচিত প্ৰয়াত ঘনকান্ত পাঠকৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে।
তেওঁৰ মৃত্যুত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা, বিৰিণা গোষ্ঠী-অসম, বৰক্ষেত্ৰী ন্যাস , বিহগী মিডিয়া গ্ৰুপ-অসম , ৰামপুৰ বজাৰ সমিতি , ৰামপুৰ গাঁও উন্নয়ন সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
মৃত্যুৰ সময়ত তেওঁ অৱসৰী শিক্ষয়িত্ৰী পত্নী অনু বৰ্মন পাঠক , বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সাংবাদিক পুত্ৰ সুৰজিৎ পাঠককে ধৰি দুগৰাকী পুত্ৰ , দুগৰাকী কন্যা আৰু আত্মীয়-কুটুমক ইহসংসাৰত এৰি থৈ যায় । লকডাউনৰ কাৰণে সীমিত লোকৰ উপস্থিতিত সামাজিক দূৰত্ব বজাই ৰাখি ৰামপুৰ ৰাজহুৱা শ্মশানত প্ৰয়াত ঘনকান্ত পাঠকৰ শেষ কৃত্য সমাপন হয় ।

Post a Comment

0 Comments