চৰকাৰলৈ ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ ২০ হাজাৰঃ শিক্ষামন্ত্ৰীৰ অনুৰোধ ৰক্ষা কৰি দুই শিক্ষয়ত্ৰীয়েও কৰিছে আৰ্তজনক সহায়…

মুখ্যমন্ত্ৰী আৰোগ্য নিধিলৈ বৃহস্পতিবাৰে ২০ হাজাৰ টকা আগবঢ়ালে ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলনীয়ে। বুধবাৰে ৰহা জ্যেষ্ঠ নাগৰিক সন্মিলনীয়ে চেক যোগে ৰহা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে এই ধনৰাশি প্ৰদান কৰে।
ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহ্বানক্ৰমে আজি ৰহাৰ চাপৰমুখৰ কাকতিগাও প্ৰাথমিক বিদ্যালয়ৰ দুগৰাকী শিক্ষয়ত্ৰী ক্ৰমে প্ৰীতিপৰ্ণা পাটৰ আৰু ৰেখাৰানী বৰাই ৰহাৰ পশ্চিম শালমাৰাত কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দাইল, আটা, নিমখ চাবোন মিঠাতেল আদি বিতৰণ কৰে ৷ শিক্ষক দুগৰাকীৰ এনে পদক্ষেপক শলাগিছে সকলোৱে ৷

Post a Comment

0 Comments