কেনেকৈ মৃত্যু হ’ল কোৰোনাত আক্ৰান্ত হাইলাকান্দিৰ ফইজুল হক বৰভূঞাৰ…



  • ফইজুল হক বৰভূঞা (৬৫) ৫ মাৰ্চত চৌদি আৰৱৰ পৰা আহি অসমত উপস্থিত হৈছিলহি।
  • হাইলাকান্দিৰ বৰজুৰাই গাঁৱত তেওঁৰ ঘৰ।
  • চৌদি আৰৱৰ পৰা মুম্বাই, দিল্লী হৈ তেওঁ ঘৰলৈ আহিছিল।
  • পত্নীৰ লগতে ১৭ জনীয়া এটা দলৰ সৈতে তেওঁ চৌদি আৰৱলৈ গৈছিল।
  • তেওঁ দিল্লীতো ৩-৪টা দিন কটাইছিল।
  • ৰে’লযোগে তেওঁ বদৰপুৰত উপস্থিত হৈছিলহি।
  • লোকজনৰ মৃত্যু হোৱাৰ পিছতে সমগ্ৰ অসমতে সৃষ্টি হৈছে চাঞ্চল্যৰ।
  • এতিয়ালৈকে অসমৰ মুঠ ২৯ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।
১০ এপ্ৰিল, পুৱতি নিশা ১.৫৫ বজাঃ
  • অসমত কোৰোনাত আক্ৰান্ত প্ৰথমজন লোকৰ মৃত্যু।
  • লোকজন হাইলাকান্দিৰ ফইজুল হক বৰভূঞা।
Image may contain: text that says "Himanta Biswa Sarma 9m With utmost Grief and sorrow,l would like to inform that Sri Faijul Haque Barbhyan, (65)Hailakandi District has expired few minutes back in SMCH due to complication of COVID19 infection.My deep condolences and prayers for the bereaved family"
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা সদৰি কৰিছে।
  • হাইলাকান্দিত কোৰোনাত আক্ৰান্ত ফইজুল হক বৰভূঞাৰ অৱস্থা সংকটজনক।
  • অৱস্থা সংকটজনক দেখি শিলচৰ মেডিকেল কলেজ হাস্পতালৰ ICUলৈ স্থানান্তৰ কৰা হৈছিল তেওঁক।
    • উশাহ-নিশাহত যথেষ্ট কষ্ট অনুভৱ কৰিছিল আক্ৰান্ত ব্যক্তিজনে।
    • টুইটাৰ যোগে এই কথা সদৰি কৰিছিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
    ৭ এপ্ৰিল, নিশা ৯ বজাঃ
    • কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল হাইলাকান্দি ফইজুল হক বৰভূঞা।
    • কিছুদিন পূৰ্বে লোকজন গৈছিল চৌদি আৰৱলৈ।
    • কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা বৃদ্ধি পাইছিল ২৮ গৰাকীলৈ।
    • লোকজনক ভৰ্তি কৰা হৈছিল শিলচৰ মেডিকেল কলেজত।

Post a Comment

0 Comments