টিহুত আৰ্তলোকৰ কাষত কৰুণাধাৰাৰ সমন্বয়ক…



কৰুণাধাৰাৰ টিহু মহকুমা সহায়ক সমিতিৰ সমন্বয়ক হেমন্ত দাসে বৃহস্পতিবাৰে অঞ্চলটোৰ কেবাগৰাকী গৰাকী গৰীৱ পৰিয়ালৰ সদস্যক কেইবাবিধ নিত্য অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।
জলখানা গাঁও উন্নয়ন সমিতিৰ সম্পাদক হেমন্ত দাস ( বাপু ), জলখানা গাঁৱৰ গাঁওবুঢ়া সদানন্দ দাস, স্থানীয় পঞ্চায়তৰ সদস্য মিণ্টু দাসে ভাগ লোৱা এই অনুষ্ঠানত কৰুণাধাৰাৰ টিহু মহকুমা সহায়ক সমিতিৰ কাৰ্যকৰী অধ্যক্ষ পংকজ বেজবৰুৱাই কৰ’না ভাইৰাছে সৃষ্টি কৰা সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত চমুকৈ ব্যাখ্যা আগবঢ়ায় ।
ইফালে, টিহু মহকুমাৰ কঁঠালমূৰাতো আজি নামশলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জিৎ শৰ্মাই নিজ বাসগৃহত অঞ্চলটেৰ ৩০ টা আৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালক দৈনন্দিন অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা প্ৰদান কৰে ।

Post a Comment

0 Comments