অসম আৰোগ্য নিধিলৈ অবিভক্ত শোণিতপুৰ জিলা এম জি এনেৰগা কৰ্মচাৰী সন্থাই দিলে এদিনৰ দৰমহা…




কোৰোনা ভাইৰাছৰ সংক্ৰমনে সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাৎ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।  ৰাজ্য চৰকাৰে এই কৰোনা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ জৰিয়তে বহু গুৰুত্বপুৰ্ণ পদক্ষেপ গ্ৰহন কৰি ৰাইজক সজাগ আৰু সচেতন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।
এনে সময়তে ৰাজ্য চৰকাৰৰ অসম আৰোগ্যনিধিৰ পূজিলৈ নিজৰ এদিনৰ দৰমহাৰ পৰা আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি যৌথ ভাৱে  সহায় কৰিবলৈ আগবাঢ়ি আহিছে অবিভক্ত শোণিতপুৰ জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত এম জি এনৰেগাৰ কনট্ৰেকচুৱেল কৰ্মচাৰী আৰু এক্ৰিডিয়েট কনিষ্ঠ অভিযন্তা সকল ।
উল্লেখ্য যে অবিভক্ত শোণিতপুৰ জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ১৪ টাকৈ উন্নয়ন খণ্ড আৰু পঞ্চায়তত  কৰ্মৰত এম জি এনৰেগা  কৰ্মচাৰী সন্থাৰ ২৭৪ জন বিভিন্ন পদৰ কৰ্মচাৰীয়ে আজি ৰাজ্য চৰকাৰৰ আৰোগ্যনিধিলৈ নিজৰ এদিনৰ দৰমহাৰ পৰা সৰ্বমুঠ ১ লাখ ১১ হাজাৰ ৩৭৫ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়ায় ।
অবিভক্ত শোণিতপুৰ জিলা এম জি এনেৰগা কৰ্মচাৰী সন্থাৰ সভাপতি কৃষ্ণ ৰাজখোৱা আৰু সম্পাদক গৌতম কোচে আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে ৰাজ্য চৰকাৰৰ আৰোগ্যনিধিলৈ নিজৰ এদিনৰ দৰমহাৰ পৰা ১ লাখ ১১ হাজাৰ ৩৭৫ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে । আনহাতেদি এম জি এনেৰগা কৰ্মচাৰী সন্থাৰ সভাপতি কৃষ্ণ ৰাজখোৱা আৰু সম্পাদক গৌতম কোচে কয় আমি অসম আৰোগ্যনিধিৰ পূজিলৈ আমাৰ এদিনৰ দৰমহা আগবঢ়োৱাৰ কথা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীক অৱগত কৰিছো । 
বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কোভিড -১৯ ৰ বিৰুদ্ধে চলি থকা যুঁজত সহায়ৰ হাত আবঢ়োৱাৰ  উদ্দেশ্যে অসম চৰকাৰে গঠন কৰা অসম আৰোগ্য নিধিৰ  পুঁজিলৈ  আজি অবিভক্ত শোণিতপুৰ জিলা এম জি এনেৰগা কৰ্মচাৰী সন্থাই নিজৰ এদিনৰ দৰমহাৰ পৰা ১ লাখ ১১ হাজাৰ ৩৭৫ টকা  আগবঢ়োৱাৰ বাবে ৰাইজে সন্থাক প্ৰশংসা কৰিছে । 

Post a Comment

0 Comments