দুৰ্যোগৰ সময়ত অসম চৰকাৰৰ কাষত ৰাজ্যৰ ১০,৫৯৫ গৰাকী লোক, অসম আৰোগ্য নিধিত সংগ্ৰহ হৈছে…



কোৰোনা ভাইৰাছৰ সন্ত্ৰাস ক্ৰমাৎ বৃদ্ধি পাইছে অসমত। এতিয়ালৈকে অসমত ২৮ গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত। ইয়াৰে ২৬ গৰাকী লোকেই নিজামুদ্দিন মাৰ্কাজৰ সৈতে জড়িত। এই সময়ত কোৰোনাৰ সংক্ৰমণ যাতে ৰোধ কৰিব পাৰি তাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কেবাখনো হাস্পতাল নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে ৰাজ্যৰ চৰকাৰী হাস্পতালসমূহো বিভিন্ন ধৰণেৰে উন্নীত কৰা হৈছে।
এই সময়চোৱাত বিভিন্ন দৰিদ্ৰজনক খাদ্য সামগ্ৰী প্ৰদান কৰি সহায় কৰাৰ লগতে আৰ্থিকভাৱেও চৰকাৰত টনকিয়াল কৰাৰ বাবে গ্ৰহণ কৰা হৈছে ব্যৱস্থা। বিভিন্নজনে নিজ কষ্টোপাৰ্জিত ধন আগবঢ়াইছে চৰকাৰলৈ। সকলোৰে আশা এই দুৰ্যোগৰ সময়ত চৰকাৰক সবল কৰিব পাৰিলেহে কোৰোনাৰ সন্ত্ৰাস ৰোধ কৰাটো সম্ভৱ।এতিয়ালৈকে অসম আৰোগ্য নিধিত সৰ্বমুঠ জমা হৈছে ২৪,৬৩,৮৮,৯৬৭.৬১ টকা। এয়া হৈছে মঙলবাৰ, ৭ এপ্ৰিল, ২০২০লৈকে সংগ্ৰহ হোৱা মুঠ ধনৰ পৰিমাণ। ইয়াৰে সৰ্বাধিক আৰ্থিক সাহায্য সংগ্ৰহ হৈছিল ৩০ মাৰ্চত। সেই বিশেষ দিনটোত ৫,৬৬,৩০,৮১৯ টকা সংগ্ৰহ হৈছিল। আটাইতকৈ কম ধন সংগ্ৰহ হৈছিল ১ এপ্ৰিলৰ দিনা। সেই দিনটোত ৭,১৬,০৭৪ টকা সংগ্ৰ হৈছিল। এতিয়ালৈকে মুঠ ১০,৫৯৫ গৰাকী লোকে দান কৰিছে অসম আৰোগ্য নিধিলৈ ধন। চাওঁক সবিশেষ তালিকা-

Post a Comment

0 Comments