প্ৰধানমন্ত্ৰীয়ে ধন দিছে! অসহায় আৰক্ষী, লকডাউন অমান্য কৰি ধন জন আঁচনিৰ ধন বিচাৰি পুৱাতেই বেংকত শতাধিক পুৰুষ-মহিলা, VIDEO



কোৰোনা ভাইৰাছৰ সংক্ৰমণে অসমত ক্ৰমাৎ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে তেজপুৰত প্ৰধানমন্ত্ৰীৰ ধন জন আঁচনিৰ ধন বিচাৰি লকডাউন ভংগ কৰি বেংকলৈ পুৱাতেই ওলাই আহিল কেইবা শতাধিক পুৰুষ মহিলা। স্বাস্থ্য বিভাগৰ সকলো নীতি নিৰ্দেশনা সৰ্ম্পূৰ্ণৰূপে উলংঘা কৰি লক ডাউনৰ মাজতেই তেজপুৰ চহৰৰ নিকটৱৰ্ত্তী নেৰিৱালমৰ সন্মুখত থকা ইউকো বেংকৰ পাঁচ মাইল শাখাত একত্ৰিত হ’ল অতি বিপদ জনক ভাৱে ধন বিচাৰি শতাধিক পুৰুষ মহিলা।
সামাজিক ব্যৱধান নামানি ধন বিচাৰি শতাধিক পুৰুষ মহিলাই বেংকত হেতাওপৰা লগোৱাৰ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ তেজপুৰ অঞ্চলতে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃস্টি হৈছে। আনহাতেদি এই বিষয়ে খবৰ পাই আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ  পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয়।
ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে সকলোকে  সামাজিক  ব্যৱধান মানি চলিবলৈ নিৰ্দেশ দি কিছু সময় তদাৰক কৰিয়েই উভতি যায়। ৰাইজে এইক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী চৰকাৰ প্ৰশাসনক দাবী জনাইছে।

Post a Comment

0 Comments