সকলোৱে ভগাই খালেহে সমাজখন বাচি থাকিব! এইগৰাকী আশা কৰ্মীয়ে দেখুৱালে আদৰ্শ, VIDEO

লকডাউনৰ সময়ত খাদ্য সামগ্ৰীৰ সংকটত পৰিছে বিভিন্ন লোক। বিশেষকৈ দৰিদ্ৰ লোকসকলে খাদ্যৰ অভাৱৰ বাবে অনাহাৰে থাকিবলগীয়া হৈছে। তেনে কিছু দৰিদ্ৰ লোকৰ বাবেই সহায়ৰ হাত আগবঢ়াইছে পুৰণিগুডামৰ এগৰাকী আশা কৰ্মীয়ে। চৰকাৰৰ পৰা দৰমহা নোপোৱাকৈয়ে কেইটকামান মাননী লৈ কাম কৰি থকা পুৰণিগুডামৰ নাৱালিমুৰৰ আশা কৰ্মী ৰিন্টু বৰাই স্থানীয় দৰিদ্ৰ লোকসকলক সহায়ত হাত আগবঢ়াইছে।
স্বামীৰ বিপুল বৰাৰ সৰু দোকানখনৰ জৰিয়তে চলি আছে তেওঁলোকৰ পৰিয়াল। নিজেও জৰুৰীকালীন সেৱাৰে জড়িত এইগৰাকী আশা কৰ্মী। নিজৰে এসাঁজ খাই এসাঁজ খোৱাৰ বাবে তেওঁ চিন্তা কৰিবলগীয়া হয়। তাৰ পিছতো এনেদৰে দৰিদ্ৰ লোকসকলক লকডাউনৰ সময়ত তেওঁ সহায়ৰ হাত আগবঢ়াইছে। বিতৰণ কৰিছে খাদ্যৰ টোপোলা।

Post a Comment

0 Comments